ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্ব-গণনা প্রক্রিয়া আজি আৰম্ভ হৈছে। জিলাখনৰ লোকপিয়লৰ মুখ্য প্রশিক্ষক ৰফিউল আলম আহমেদ আৰু ন’টাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাঙ্গীৰে এই প্রক্রিয়া সম্পন্ন কৰি মাত্র ২ৰ পৰা ৩ মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নির্ভুলভাবে এই কাম কৰিবলৈ আহ্বান জনায়।
গোৱালপাৰা জিলাতো আজি এই প্রক্রিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি স্ব-গণনা সম্পূর্ণ কৰি এই ব্যৱস্থা দ্রুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত ২০২৭ বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে।
ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্ব-গণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত আজি এখন সভা অনুষ্ঠিত হয়। এই সভাত ধুবুৰী, বীৰছিং জৰুৱা আৰু গৌৰীপুৰৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু প্ৰশিক্ষকসকলে অংশগ্রহণ কৰে।
শ্রীভূমি জিলাৰ আয়ুক্তই আজি ডিজিটেল স্ব-গণনা সফলভাবে সম্পূর্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়।
বিশ্বনাথ জিলাতো স্ব-গণনা প্রক্রিয়া আজি আৰম্ভ হৈছে। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱলোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্ব-গণনাত অংশগ্রহণ কৰে।