অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ৫ শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ ১০ খন জিলাৰ সৰ্বমুঠ ৮১০ খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত ৬ লাখ ৫৪ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে।
বানৰ ফলত কালি আৰু ৪ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৩ জন আৰু চৰাইদেউত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৬ হৈছেগৈ।
বান ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বিতংভাবে বুজ লয়।
শ্রীসোণোৱালে এই সন্দৰ্ভত কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে।