July 26, 2026 8:13 PM
4
অসমৰ বান পৰিস্থিতিৰ সম্পৰ্কে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ টেলিফনিক বাৰ্তালাপ
অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ৫ শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ ১০ খন জিলাৰ সৰ্বমুঠ ৮১০ খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত ৬ লাখ ৫৪ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু ৪ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৩ জন আৰু চৰাইদেউত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৬ হৈছেগৈ। বান ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মো...