মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰক্ষী জিলাসমূহত ফৰেনচিক তদন্ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৩২টা মোবাইল ফৰেনচিক দলৰ বাবে ৯৬টা বিভিন্ন পদ সৃষ্টি সন্দর্ভত কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়।
ড° শর্মাই প্রমাণ ভিত্তিক তদন্ত ব্যৱস্থাক অধিক শক্তিশালী কৰি সময়মতে ন্যায় প্রদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক ন্যায় সংহিতা ২০২৩ৰ অধীনত যোগ্যতা সম্পন্ন বৈজ্ঞানিক বিষয়া আৰু সহযোগী নিযুক্তিৰ বাবে ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।
মুখ্যমন্ত্রীয়ে আন এখন বৈঠকত ৰাজ্যৰ স্বাস্থ্য সেৱা অধিক শক্তিশালীকৰণ, ক্রীড়া প্রতিভাৰ সবলীকৰণ আৰু আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে কেইবাটাও প্ৰকল্পৰ পর্যালোচনা কৰে। বৈঠকত গুৱাহাটীৰ সৰসজাই ক্রীড়া প্ৰকল্পৰ উন্নয়ন, বজালী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আৰ্হি প্রস্তুত তথা শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ উন্নীতকৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়।
এই আন্তঃগাঁথনিসমূহে অসমত আধুনিক আৰু বিশ্বমানৰ সা-সুবিধা উপলব্ধ কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে শুক্ৰেশ্বৰত সৃষ্টি হোৱা যান-জটৰ সমস্যাৰ পৰ্যালোচনাৰ বাবে সংশ্লিষ্ট বিভাগৰ সৈতে আন এখন বৈঠকতো মিলিত হয়। তেওঁ এই সমস্যাৰ স্থায়ী আৰু বহনক্ষম সমাধানত গুৰুত্ব আৰোপ কৰি যান-জঁট হ্রাস কৰাৰ লগতে যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক সমন্বিতভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।