ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে আজি দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই ৫০০খন বিদ্যালয় সৰ্বাংগসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য লৈছে।
Assamese | June 27, 2024 7:50 PM | Assam | Assam Govt
অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ