অসমত অকল ২০২৬ বৰ্ষতে ৫১,৭০০ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা আছে। ইয়াৰে ভিতৰত ২৮,১৪১ গৰাকী পুৰুষ আৰু ২৩,৫৯৩ গৰাকী মহিলা। ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে কালি ড° বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্রতিষ্ঠানটোৰ জ্যেষ্ঠ কৰ্কট ৰোগ বিশেষজ্ঞসকলে এইকথা সদৰি কৰে।
বিশেষজ্ঞসকলে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে আগতীয়া চিনাক্তকৰণ, জীৱন শৈলীৰ পৰিৱৰ্তন আৰু সুষম চিকিৎসা সেৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্রতিষ্ঠানটোৰ উপ সঞ্চালক ডাঃ অশোক কুমাৰ দাসে উত্তৰ পূৰ্বাঞ্চলত এই ৰোগৰ প্ৰাদূৰ্ভাৱৰ এখন উদ্বেগজনক ছবি উপস্থাপন কৰে।
তেওঁ কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক বুলি মন্তব্য কৰে। জিলাখনত ৭৫ বছৰ বয়সৰ পূৰ্বে পুৰুষৰ ক্ষেত্ৰত ৪ গৰাকীৰ ভিতৰত এগৰাকী আৰু মহিলাৰ ক্ষেত্ৰত ৫ গৰাকীৰ ভিতৰত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে বুলি তেওঁ প্রকাশ কৰে। তেওঁ প্রতিষ্ঠানটোত চিকিৎসা লাভ কৰা পুৰুষ ৰোগীৰ ৫৬ শতাংশ ধপাতজনিত কাৰণত আক্রান্ত হোৱা বুলি জানিবলৈ দিয়ে।