কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে ধুবুৰীত এখন নির্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অৱহেলিত-বঞ্চিত মহিলাসকলক বছৰি ১ লাখ টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে ৫০ শতাংশ চাকৰি সংৰক্ষণ কৰিব। এন ডি এ চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকা গান্ধীয়ে বিগত ১০ বছৰত কৰ্ম-সংস্থাপনহীনতাৰ হাৰ সৰ্বোচ্চ পৰ্য্যায়ত উপনীত হৈছে আৰু ৭০ কোটি লোক কৰ্ম-সংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত হৈ থকা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ২০ লাখ পদ খালী হৈ থকা বুলি দাবী কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে খেতিয়কসকলৰ বাবে ন্যূনতম সমৰ্থন মূল্য আৰু ৪০০ টকাৰ ন্যূনতম ৰাষ্ট্ৰীয় মজুৰি তথা ভূমিহীনসকলক মাটিৰ আইনী নিশ্চয়তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীমতী গান্ধীয়ে লগতে কয় যে, তেওঁৰ দলে কোঁচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ পোষকতা কৰে। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সংসদীয় সমষ্টিত অহা ৭ মে’ত তৃতীয় পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব।
Assamese | May 1, 2024 8:35 PM | Assam 3rd Phase Election | Congress