অসম চৰকাৰে ৰাজ্যখনত ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, অত্যাধুনিক ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম অব্যাহত আছে। ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা আৰু নিয়োগ যোগ্যতা বৃদ্ধিৰ বাবে চৰকাৰে এই প্ৰচেষ্টা অধিক গতিশীল কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা ২০২২ বৰ্ষৰ ১৩২ৰ পৰা ২০২৬ বৰ্ষত ২৫০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। পূৰ্বে এই প্রতিষ্ঠানসমূহত থকা ২৪ হাজাৰ আসনৰ সংখ্যা ২০২৬ বৰ্ষলৈ ৫০ হাজাৰলৈ বৃদ্ধি হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই প্রতিষ্ঠানসমূহত নিয়োগ সন্ধানীসকলৰ বাবে কেৰিয়াৰৰ সুবিধা প্ৰদানৰ বাবে হ্ৰস্বকালীন প্রশিক্ষণ কাৰ্যসূচীৰ দিহা কৰা হ’ব বুলিও তেওঁ কয়।
Assamese | August 18, 2024 7:31 PM | Assam CM about Skill Development
অসমক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ