ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশজুৰি প্ৰতিটো অঞ্চলত যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ কৰিছে। এই উদ্দেশ্যে মৰিগাওঁ জিলাৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। স্বাস্থ্য শিবিৰত ৩০ বছৰ উৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিৰ ৰক্তছাপ, মধুমেহ, মুখগহ্বৰ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে। শিবিৰৰ জৰিয়তে বৰ্তমানলৈ জিলাখনত ১৫ হাজাৰতকৈ অধিক ৰক্তচাপত আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ লগতে ১৪ হাজাৰতকৈ অধিক লোকৰ দেহত মধুমেহ ধৰা পৰিছে।
Assamese | March 1, 2025 8:17 PM | Ministry of Health & Family Welfare
অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে কেন্দ্ৰৰ বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ