যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কৈছে যে গোৱাত চলি থকা ইণ্ডিয়ান মহিলা লীগৰ সময়ত মহিলা ফুটবলাৰৰ ওপৰত তেওঁলোকৰ প্ৰশিক্ষকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁৰ মন্ত্ৰ্যালয়ে গুৰুত্বভাৱে লৈছে৷ আজি এটা ছংচিয়েল মিডিয়া পোষ্টত শ্ৰীঠাকুৰে কয় যে, অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ক্ষীপ্ৰতাৰে পদক্ষেপ লবলৈ আৰু ফুটবলাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ কয়, মন্ত্ৰ্যালয়ে খচ্ছুক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে মন্ত্ৰ্যালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিছে। খেলুৱৈসকলৰ সুৰক্ষা আৰু নিৰাপত্তা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | March 30, 2024 9:13 PM | SPORTS
অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ফুটবলাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ নিৰ্দেশ