কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণ CCPA-এ যাতায়াতৰ বাবে থকা মঞ্চ অ’লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে সংস্থাটোক গ্ৰাহকসকলৰ অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়াত পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত অথবা কুপণ পদ্ধতিৰ জৰিয়তে ধন প্ৰত্যপূৰ্ণৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি গ্ৰাহকসকলক বিল বা ৰচিদ প্ৰদান কৰিবলৈও অলাক নির্দেশ দিয়া হৈছে। এই পৰামৰ্শাৱলীৰ জৰিয়তে সংস্থাটোৰ সেৱা প্ৰদান অধিক স্বচ্ছ হৈ উঠিব বুলি আশা কৰা হৈছে।
Assamese | October 13, 2024 9:19 PM | CCPA | Ola
অ’লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণৰ