December 26, 2024 8:34 PM

views 41

আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ চি চি পি এ দেশৰ তিনিটা আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা বিহিছে। এই প্রশিক্ষণ প্রতিষ্ঠানকেইটা হৈছে বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট, ষ্টাডি আই কিউ আই এ এছ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এড্‌জ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠান। এই প্রতিষ্ঠানকেইটাই কেন্দ্রীয় লোকসেৱা আয়োগৰ ২০২২ আৰু ২০২৩ চনৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবীৰে বিজ্ঞাপন দিয়াৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট আ...

October 13, 2024 9:19 PM

views 55

অ’লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণৰ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণ CCPA-এ যাতায়াতৰ বাবে থকা মঞ্চ অ'লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে সংস্থাটোক গ্ৰাহকসকলৰ অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়াত পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত অথবা কুপণ পদ্ধতিৰ জৰিয়তে ধন প্ৰত্যপূৰ্ণৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি গ্ৰাহকসকলক বিল বা ৰচিদ প্ৰদান কৰিবলৈও অলাক নির্দেশ দিয়া হৈছে। এই পৰামৰ্শাৱলীৰ জৰিয়তে সংস্থাটোৰ সেৱা প্ৰদান অধিক স্বচ্ছ হৈ উঠিব বুলি আশা কৰা হৈছে।