July 15, 2026 11:54 AM | kushik roy

printer

অম্ৰুত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অম্ৰুত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অম্ৰুত অসমৰ পৰিচালন সঞ্চালক সম্প্রীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সুত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰীৰায়ে অম্ৰুত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানীযোগান প্রকল্পসমূহ সম্পূৰ্ণ কৰি সংশ্লিষ্ট নগৰ নিকায়সমূহক হস্তান্তৰ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এই প্রকল্পসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পূর্ণ দায়বদ্ধতাৰে কাম কৰিবলৈও বিষয়া-কৰ্মচাৰীসকলক নির্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ঠিকাদাৰসকলৰ সৈতে প্ৰকল্পসমূহৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ আৰু সম্পূৰ্ণ কৰা সময়সীমা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয় ।