June 18, 2026 4:00 PM | DC Press Meet

printer

অম্বুবাচী মেলা সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সংবাদমেল

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদ মেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাবতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাবে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰে’ল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা-খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যবস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহন ব্যবস্থা নাথাকিব। ভক্তসকলৰ সুবিধার্থে নাৰ্চাৰী পইন্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰবেশ দ্বাৰৰ সমীপত আৰু প্ৰশান্তি ল’জৰ ওচৰত মুঠ চাৰিটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্রকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্রণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি ৭০০-৮০০ মিটাৰৰ দূৰে দূৰে সাতটা স্থানত স্থাপন কৰা হেল্পডেস্কত তিনিজনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধার্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কার্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জল বোৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদ মেলত মুখ্য দলৈ কবীন্দ্র প্রসাদ শর্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্রকাশ কৰে। তেওঁ প্রকাশ কৰা অনুসৰি ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু ইয়াৰ পাছতে ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীর্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব।