June 18, 2026 4:00 PM

views 17

অম্বুবাচী মেলা সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সংবাদমেল

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদ মেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাবতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাবে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰে'ল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা-খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যবস্থ...