অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় ৮ মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি বৰাই কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অনুৰূপ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তার্কিক বৰাই ইতিপূৰ্বে জামিন লাভ কৰিছে।
Assamese | May 21, 2025 7:10 PM | Akashvani News | Online Trading | Sumi Bora
অভিনেত্ৰী চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ