অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত ব্ৰহ্মছ এৰোস্পেছ একত্ৰিকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভার্চুৱেল পদ্ধতিৰে মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে অপাৰেছন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰাৰ উপৰি সামৰিক শক্তিৰ দৃঢ়তা আৰু সামৰ্থক বিশ্বৰ সন্মুখত তুলি ধৰিছে। শ্রী সিঙে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত সীমান্তৰ সিপাৰৰ ভূমিও সন্ত্রাসবাদী আৰু তেওঁলোকৰ নেতাসকলৰ বাবে সুৰক্ষিত হৈ নাথাকে বুলি দেশখনে প্ৰমাণ কৰিছে।
ব্ৰহ্মছৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰত আৰু ৰাছিয়াৰ সন্মিলিত উচ্চ ক্ষমতাসম্পন্ন প্ৰতিৰক্ষা প্ৰযুক্তি বুলি উল্লেখ কৰে। অনাগত দিনত ইয়াৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা সৃষ্টি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰী সিঙে কয় যে প্ৰতিৰক্ষা খণ্ডত স্বনিৰ্ভৰশীলতাই ব্যাপক অর্থ বহন কৰে। ইয়াৰ দ্বাৰা নিজৰ বাবে অস্ত্ৰ-শস্ত্ৰ সামৰিক সঁজুলি উৎপাদন কৰাৰ উপৰি বিশ্বৰ বিভিন্ন দেশলৈ এইসমূহ ৰপ্তানি কৰাৰ লক্ষ্য লৈছে।
Assamese | May 11, 2025 8:21 PM | operation sindoor | RAJNATH SING
অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং