অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলৰ পৰা এন ডি আৰ এফৰ দলে ৩৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ কৰিছে। তেলেংগানাত ৬৮ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্রায় তিনি হাজাৰ ২০০ জন লোকক আন ঠাইলৈ লৈ যোৱা হৈছে। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ শেহতীয়া বান পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা চলাই গৃহ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সঞ্জয় কুমাৰ জিন্দালে আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। শ্ৰী জিন্দালে কয় যে, অন্ধ্ৰপ্ৰদেশত এন ডি আৰ এফৰ ২৬টা দল, ভাৰতীয় বায়ু সেনা বাহিনীৰ ৮খন হেলিকপ্তাৰ আৰু নৌ সেনাৰ তিনিখন হেলিকপ্তাৰ নিয়োগ কৰাৰ লগতে তেলেংগানাত এন ডি আৰ এফৰ সাতটা দল আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ দুখন হেলিকপ্তাৰ উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে, ক্ষতিগ্রস্ত লোকসকলক এন ডি আৰ এফৰ দলসমূহে প্রয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে স্থানান্তিৰত পৰিয়ালসমূহৰ মাজত প্ৰয়োজনীয় খাদ্য আৰু সাহায্য সামগ্রী বিতৰণৰ ক্ষেত্ৰত স্থানীয় প্রশাসনকো সহায় আগবঢ়াইছে। তেওঁ কয় যে, ভাৰতীয় বায়ু সেনা বাহিনী আৰু নৌ সেনাই হেলিকপ্তাৰৰ জৰিয়তে প্রায় ৭১ হাজাৰ কিলোগ্রাম খাদ্য-সামগ্ৰীৰ যোগান ধৰিছে।
Assamese | September 6, 2024 7:01 PM | Andhra Pradesh | Flood
অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা এন ডি আৰ এফৰ ৩৫০ জনক উদ্ধাৰৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ