নির্বাচন আয়োগে অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে লগতে গৃহ মন্ত্ৰ্যালয়ক ভোট গণনাৰ পাছতো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৫টা কোম্পানীক অন্ধ্ৰপ্ৰদেশত নিয়োজিত কৰি ৰাখিবলৈ কৈছে। নতুন দিল্লীত কালি অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে হোৱা বৈঠকত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নির্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৱে ৰাজ্যখনত সংঘটিত নির্বাচনোত্তৰ হিংসাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। আয়োগে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ভৱিষ্যতে যাতে এনে ধৰণৰ হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ কয়।
Assamese | May 17, 2024 12:35 PM | Election Commission
অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে নির্বাচন আয়োগৰ কঠোৰ স্থিতি গ্ৰহণ