শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰছনা কৰিছে। অনাহতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেইয়া ছালেমক ১১-৩, ১১-৭, ১১-৯ পোনপটীয়া গেমত পৰাভূত কৰে।
এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্বোৱাছ খেলুৱৈ হিচাপে পৰিগণিত হয়।