July 26, 2026 10:29 AM

views 23

অনাহত সিঙৰ কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল

শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰছনা কৰিছে। অনাহতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেইয়া ছালেমক ১১-৩, ১১-৭, ১১-৯ পোনপটীয়া গেমত পৰাভূত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্বোৱাছ খেলুৱৈ হিচাপে পৰিগণিত হয়।