অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পাছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইচ’ বিউটানল আৰু বায়’ বিটুমেনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো অগ্রগতি লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি দুদিনীয়া আন্তৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ উদ্বোধন কৰে। এই সন্মিলনত বিশেষজ্ঞসকলক একত্ৰিত কৰি দক্ষতা, বহনক্ষমতা আৰু অৰ্থনৈতিক দিশসমূহ উন্নত কৰাৰ বাবে আলোচনা কৰা হ’ব।
Assamese | September 15, 2025 8:47 PM | Nitin Gadkari
অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত