June 4, 2026 8:21 PM | Prahlad Joshi

printer

অজৈবিক ইন্ধন উৎপাদনত ভাৰত বিশ্বৰ অন্যতম শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে : প্রহ্লাদ যোশী

কেন্দ্রীয় নতুন আৰু নৱীকৰণ যোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে অজৈবিক ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। প্রধানমন্ত্রী সূর্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ইতিমধ্যে এক কোটি বাসগৃহৰ মুধচত সৌৰ পেনেল স্থাপন কৰা হৈছে। শ্রী যোশীয়ে প্রকাশ কৰে যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰৰ মূধচতে কোনো ধৰণৰ বিদ্যুৎ মাচুল অবিহনে যে দৈনন্দিন কামকাজৰ বাবে বিদুৎ উৎপাদন কৰিব পাৰে এই কথা বুজি উঠিছে আৰু সেয়েহে অতি কম সময়ৰ ভিতৰতে এই আঁচনিয়ে বৃহৎ সফলতা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে নৱীকৰণযোগ্য শক্তিৰ দীৰ্ঘম্যাদী আৰু পৰিৱেশ অনুকূল লাভালাভৰ ক্ষেত্ৰতো আলোকপাত কৰে। অনুষ্ঠানত শ্রী যোশীয়ে হোৱাটছএপ ছাটবুট হান্তোশ আৰু প্রধানমন্ত্রী সূৰ্য ঘৰ প্রতীকো মুকলি কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপন কৰাৰ বাবে ৪০ শতাংশ পর্যন্ত ৰাজ সাহায্য আগবঢ়োৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।