প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্রী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে অকলেণ্ডত প্রতিনিধি পর্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশত আলোকপাত কৰাৰ লগতে বিগত দুবছৰত বাণিজ্য আৰু উদ্যোগ তথা প্ৰতিৰক্ষা ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰিব।
বৈঠকৰ আৰম্ভণিতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ঐতিহাসিক মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে আৰু ইয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কত নতুন গতি প্রদান কৰিব। প্রধানমন্ত্রী শ্রী মোদীয়ে দেশখনৰ জনসাধাৰণ আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক আদৰণি আৰু সমর্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে বিগত দুকুৰি বছৰত এগৰাকী ভাৰতীয় প্রধানমন্ত্রীৰ নিউজিলেণ্ড ভ্রমণে দেশ দুখনৰ মাজৰ সম্পৰ্ক আৰু অংশীদাৰিত্ব শক্তিশালী কৰিছে। প্রধানমন্ত্রী শ্রী মোদীয়ে মুক্ত বাণিজ্য চুক্তি প্রক্রিয়া অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ বাবে প্রধানমন্ত্রী লাকছন আৰু তেওঁৰ চৰকাৰৰ নেতৃবৃন্দক প্ৰশংসা কৰে। প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে দুয়োখন দেশে এতিয়া কৌশলগত অংশীদাৰিত্ব স্থাপনৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা উচিত, যিয়ে ভৱিষ্যতৰ সহযোগিতাক নির্দেশনা দিব। দুয়োখন দেশৰ মাজৰ গণতান্ত্রিক মূল্যবোধ আৰু সামুদ্রিক সম্পর্কত আলোকপাত কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰত আৰু নিউজিলেণ্ডে ভাৰত প্ৰশান্ত অঞ্চলত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্রধানমন্ত্রী শ্রী মোদীয়ে নিউজিলেণ্ডলৈ তেওঁৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ লগতে গোলকীয় শান্তি আৰু সমৃদ্ধি স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আস্থা প্রকাশ কৰে।
ইপিনে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই ভ্রমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰি কয়, যে বিগত চাৰিটা দশকত এয়া হৈছে কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্রীৰ দেশখনলৈ প্ৰথমবাৰৰ বাবে আগমন। প্রধানমন্ত্রী মোদীক আদৰণি জনায় প্রধানমন্ত্রী শ্রী লাকছনে কয়, যে এইদৰে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ পোৱাটো তেওঁৰ বাবে আনন্দ আৰু সন্মানৰ কথা। এই ভ্রমণে দুয়োখন দেশৰ শক্তিশালী সম্পর্কক প্রতিফলিত কৰা বুলি প্রধানমন্ত্রী লাকছনে প্রকাশ কৰে। তেওঁ কয়, যে দুয়োখন দেশে বাণিজ্য ক্ষেত্রত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। দুয়ো দেশৰ মাজৰ এই বাণিজ্যিক সম্পর্ক প্রস্তাবিত মুক্ত বাণিজ্য চুক্তিতকৈও উর্ধত বুলি তেওঁ প্রকাশ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু নিউজিলেন্ডে বিভিন্ন ক্ষেত্রত সহযোগিতা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে সীমান্ত পৰিকাঠামো নিৰ্মাণৰ ক্ষেত্রত কৌশলগত সহযোগিতা স্থাপন কৰিব বুলিও ঘোষণা কৰে।
দেশখনৰ চৰকাৰী ভৱনত প্রধানমন্ত্রী মোদীক সম্মান জনাই এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।
বিয়লিৰ ভাগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ আগশাৰীৰ ব্যৱসায়ী আৰু ক্রীড়া ব্যক্তিত্বসকলৰ সৈতে বার্তালাপত মিলিত হ’ব। প্রধানমন্ত্রী শ্রী মোদীয়ে ভাৰতীয় মূলৰ লোকসকলৰ এখন বৃহৎ সমাৱেশতো অংশ লোৱাৰ কথা।