ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। বিভাগে প্রকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৩১ খন আৰু অগ্রাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ৮৮৯ খন কার্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ২২৮ খন আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আঁচনি অধীনৰ ৪,৬৯২ খন কার্ড বাতিল কৰা হৈছে। ইয়াৰোপৰি মাৰ্চত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৯১ খন আৰু অগ্ৰাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ১৬৬৭ খন কার্ড বাতিল কৰা হৈছে। ৰাজ্যত এই মাহত বৰ্তমানলৈকে উভয় শিতানৰ ৪০৬১ খন ৰেচন কাৰ্ড বাতিল কৰা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰীক্ষাত অবৈধ বুলি প্রমাণিত হোৱাৰ বাবে এই কার্ডসমূহ বাতিল কৰা হৈছে।
Assamese | April 27, 2025 7:01 PM | Assam Govt | Ration Card
ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল