আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। এই উপলক্ষে আজি ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস’ পালনৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Assamese | November 24, 2025 9:15 AM | Lachit Divas
সমগ্ৰ ৰাজ্যতে লাচিত দিৱস পালন