ভাৰতে আফগান ভূ-ভাগত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ আফগানিস্তানে নুই কৰিছে। আফগান নিউজ নেটৱৰ্কৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইনায়তুল্লা খাৱাৰিজে আজি কয় যে এই ধৰণৰ দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন।
ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্রিয়ে আজি পুৱা এখন সংবাদমেলত কয় যে পাকিস্তানে ভাৰতীয় ক্ষেপনাস্ত্রই আফগানিস্তানত আঘাত হনা বুলি ভূৱা অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে আফগানিস্তানৰ জনসাধাৰণে শত্ৰু কোন আৰু মিত্ৰ কোন জানে । কোনখন দেশে আফগানিস্তানৰ ভূভাগ বাৰে বাৰে উলংঘা কৰি আহিছে সেই বিষয়েও তেওঁলোক অৱগত বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে পাকিস্তানৰ কেইগৰাকীমান সেনা বিষয়াই ভাৰতত ক্ষেপনাস্ত্ৰ আক্ৰমণত আফগানিস্তানৰ ভূভাগক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছিল।
Assamese | May 10, 2025 8:17 PM | Afganistan Reject
ভাৰতে আফগান ভূ-ভাগত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি পাকিস্তানে কৰা অভিযোগ আফগানিস্তানৰ নস্যাৎ