কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি কৰে। শ্ৰী চৌহানে এন পি এছ এছ এই ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ ফলত খেতিয়কসকলে তেওঁলোকৰ কৃষি সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ কীটনাশক ব্যৱহাৰৰ বিষয়ে জানিব পাৰিব। আজিৰ অনুষ্ঠানত শ্ৰী চৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা ভালেমান কৃষকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত প্রায় পাঁচ হাজাৰ কৃষক উপস্থিতি থাকে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ১০৯ বিধ অধিক উৎপাদনক্ষম, জলবায়ু অনুকুল আৰু জৈৱবৈচিত্ৰৰ লগত খাপ খোৱা শস্যৰ প্ৰজাতি মুকলি কৰি দিছে।
Assamese | August 15, 2024 8:26 PM | Sivraj Singh Chouhan
নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি