ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। ৰাজ্য চৰকাৰে এখন অধিসূচনা যোগে যোৱা নিশা এই বিষয়ে সদৰি কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল ।
Assamese | October 4, 2025 6:13 PM | zubeen
ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন