প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে মহিলা আৰু শিশু বিকাশ নীতিত যোগৰ অন্তৰ্ভুক্তিয়ে তৃণমূল পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে।
অন্নপূর্ণা দেৱীয়ে তেওঁৰ প্ৰবন্ধত গৰ্ভধাৰণৰ পূৰ্বে আৰু পাছত যোগক আকোৱালি ল‘লে স্বাস্থ্যজনিত সমস্যাসমূহ ফলপ্ৰসূভাৱে ৰোধ কৰিব পৰা যায়। তেওঁ কয়, যে মুদ্ৰা আৰু ধ্যান প্রযুক্তিৰে সমৃদ্ধ প্রাক-প্রসৱ যোগৰ অভ্যাসে গৰ্ভাৱস্থাৰ অস্বস্তি দূৰ কৰাত সহায় কৰে আৰু বিষ-বেদনা হ্ৰাস কৰে।
Assamese | June 21, 2025 8:21 PM | PM | Yoga
মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ প্রধানমন্ত্ৰীৰ