একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি পাঠশালাৰ আজাদ ভৱনত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতা উদ্বোধন কৰি জিলাখনৰ সহকাৰী আয়ুক্ত আছফাক লস্কৰে কয় যে সুস্থ আৰু সুষম জীৱনশৈলী বৰ্তাই ৰখাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব অপৰিসীম। আয়ুষৰ জিলা সমন্বয়ক ডাঃ জয়ন্ত খাটনিয়াৰ আৰু জিলা প্ৰশাসনৰ পৰা টুটুল মানৱৰ নেতৃত্বত অনুষ্ঠিত এই প্রতিযোগিতাত কেইবাগৰাকীও প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা ২১ জুনত বজালী জিলা আয়ুক্ত কার্যালয় চৌহদত হ‘বলগীয়া যোগ দিৱসৰ অনুষ্ঠানত প্ৰতিটো শাখাৰ বিজয়ীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ‘ব।
Assamese | June 14, 2025 6:29 PM | Yoga Day
বজালী জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত