ভাৰতৰ মহিলা মল্লযোদ্ধাসকলে ১০ টা শাখাৰ প্ৰতিটোতে পদক জয় কৰি ভিয়েটনামৰ ভুং টাঅ‘ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপৰ দলীয় খিতাপ অৰ্জন কৰিছে। ভাৰতে এই প্ৰতিযোগিতাত চাৰিটা সোণ আৰু পাঁচটা ৰূপৰ পদক লাভ কৰিছে। প্রিয়াংঞ্চি প্রজাপতে ৫০ কিলোগ্ৰাম, ৰিনাই ৫৫ কিলোগ্ৰাম, সৃষ্টিয়ে ৬৮ কিলোগ্ৰাম আৰু প্ৰিয়াই ৭৬ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনে। ভাৰতৰ ৫ গৰাকী মহিলা মল্লযোদ্ধাই প্রতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে ।
Assamese | June 21, 2025 8:29 PM | wrestling
ভিয়েটনামৰ ভুং টাঅ’ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা মল্লযোদ্ধাসকলৰ দলীয় খিতাপ অৰ্জন