আমেৰিকাৰ বার্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লং জাম্প ইভেণ্টত স্বর্ণপদক জয় কৰিছে। অসম ৰাইফল্ছক প্রতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে ২১ ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফল্ছত কৰ্মৰত।
Assamese | July 3, 2025 1:25 PM | world police championship rimpi gold
আমেৰিকাৰ বার্মিংহামত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইৰ স্বর্ণপদক