বিশ্ব শান্তি দিৱসৰ সৈতে সংগতি ৰাখি আজি অখিল ভাৰতীয় শিক্ষক সংঘৰ কাৰ্যসূচী অনুসৰি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ প্ৰাতঃসভাৰ সময়ত শিক্ষার্থী তথা অভিভাৱকৰ উপস্থিতিত জলবায়ু পৰিৱৰ্তন সম্পৰ্কত সজাগতা সৃষ্টি কৰা হয়। ৰাজ্যিক সমিতিৰ কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাওঁ জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি জিলাখনৰ বিভিন্ন অঞ্চলত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অনুষ্ঠানৰ অংশ হিচাপে গছপুলি ৰোপণ আৰু সভা অনুষ্ঠিত কৰা হয়।
Assamese | September 21, 2024 9:23 PM | world peace morigaon
বিশ্ব শান্তি দিৱসৰ সৈতে সংগতি ৰাখি অখিল ভাৰতীয় শিক্ষক সংঘৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ