বিশ্ববেংকে ২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে। ইয়াৰ পূৰ্বে জুনত বিশ্ববেংকে ভাৰতৰ বিকাশৰ হাৰ ৬ দশমিক ৩ শতাংশ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছিল। ঘৰুৱা চাহিদাৰ উল্লেখনীয় বৃদ্ধি, শক্তিশালী ৰূপত গ্রামীণ বিকাশ আৰু সংশোধিত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ইতিবাচক প্ৰভাৱ আদি কাৰণত এই বৃদ্ধি সম্ভৱ হৈছে। বিশ্ববেংকে ইয়াৰ দক্ষিণ এছিয় দেশসমূহৰ বিকাশ সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি উপভোক্তাৰ উল্লেখযোগ্য বৃদ্ধিৰ জৰিয়তে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত প্রধান অর্থনীতি হৈ থাকিব। অৱশ্যে আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিণতিত ২০২৭ বৰ্ষত দেশৰ আৰ্থিক বিকাশৰ হাৰ পুনৰ ৬ দশমিক ৩ শতাংশলৈ হ্ৰাস পাব বুলিও বিশ্ববেংকে অনুমান কৰিছে।
Assamese | October 8, 2025 1:29 PM | Cites Positive Impact of GST Reforms | World Bank Ups India’s FY26 Growth Forecast to 6.5%
২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি বিশ্ববেংকৰ পূর্বানুমান