ভাৰতৰ তনভী শৰ্মাই আজি আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰ ৰক্ষিতা ৰামৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব।
প্রি-কোৱাৰ্টাৰ ফাইনেলত তনভীয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ শ্ৰীয়াংশী ৱলিচেট্টীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰাৰ বিপৰীতে ৰক্ষিতাই জাপানৰ মনামী ছুইজুক পৰাভুত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।
একেদৰে, অস্মিতা চলিহা মহিলাৰ ছিংগলছৰ অন্য এখন কোৱাৰ্টাৰ ফাইনেলত শীর্ষ বাছনিপ্ৰাপ্ত জাপানৰ হীনা অকেছিৰ সন্মুখীন হ‘ব। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিন জিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।
ইপিনে. পুৰুষৰ ডাবলছৰক কোৱাৰ্টাৰ ফাইনেলত পৃথ্বি কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণা প্ৰসাদ গৰাগাৰ যুটীটো মালয়েছিয়াৰ মান ৱেই চোং আৰু ছোহ উই য়িকৰ সন্মুখীন হ‘ব।