ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতে আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ২৩৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৪ অভাৰ ৩টা বলতে প্ৰতিকা ৰাৱাল আৰু তেজল হাছাবানিছৰ দুৰ্দান্ত বেটিঙৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্রতিকাই ৮৯ ৰান কৰাৰ বিপৰীতে হাছাবানিছে ৫৩ ৰান কৰি আউট নোহোৱাকৈ থাকে । ইয়াৰ পূৰ্বে আয়াৰলেণ্ডে টছত জিকি প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২৩৮ ৰান কৰে । শৃংখলাটোৰ দ্বিতীয়খন খেল অহা দেওবাৰে অনুষ্ঠিত হ’ব।
Assamese | January 10, 2025 8:37 PM | Womens ODI India registers six- wicket victory over Ireland
মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাত আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত ভাৰতৰ