ভাৰতে কালি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ খিতাপ দখল কৰাৰ বাবে ভাৰতীয় হকী দলক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কয়, যে ভাৰতীয় মহিলা দলটো প্ৰতিযোগিতাত অপৰাজিত হৈ ৰয়, নিজৰ খিতাপ অক্ষুন্ন ৰাখে আৰু দেশৰ হৈ তৃতীয়বাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ হস্তগত কৰে। তেওঁলোক নিজৰ প্ৰদৰ্শনেৰে দেশক গৌৰৱান্বিত কৰা বুলিও ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে ফাইনেলৰ একমাত্ৰ গ’লসহ প্রতিযোগিতাত সর্বাধিক গল দিয়াৰ বাবে দীপিকাক বিশেষ অভিনন্দন জ্ঞাপন কৰে। উপ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাৰ্তাত কয়, যে এই জয়ে ভাৰতীয় দলৰ অভূতপূৰ্ব দক্ষতা, দৃঢ় সংকল্প আৰু অনুশাসনৰ কথাকেই সূচাইছে। তেওঁলোকৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰা বুলিও তেওঁ মন্তব্য কৰে।
Assamese | November 21, 2024 12:18 PM | Womens hockey
মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত খিতাপ দখল কৰাৰ ভাৰতীয় হকী দলক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতিৰ অভিনন্দন