মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ’ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ মাজত ২৬ জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ’ব। আনহাতে, ফাইনেল খেলখন ২৮ জুলাইত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ভাৰত ২০১৮ চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে।
Assamese | July 19, 2024 11:57 AM | Women’s Asia Cup T20 2024
শ্ৰীলংকাৰ ডাম্বুলাত আজিৰে পৰা আৰম্ভ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতা