অসমত আসন্ন লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাই শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সৈতে সহযোগিতামূলক প্রচেষ্টা হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ পূৰ্বে আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই সন্দৰ্ভত কয় যে, এই পদক্ষেপৰ জৰিয়তে মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰাটো নিশ্চিত হ’ব। বিষয়াসকলে লগতে প্ৰকাশ কৰা মতে, অবৈধ সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ৰাজ্যখনত ফ্লায়িং স্কোৱাদ আৰু নিৰীক্ষকৰ দল নিয়োগ কৰা হৈছে। তেওঁলোকে লগতে কয় যে, ভোটগ্ৰহণৰ দিনা ভোটদাতাসকলক খোৱাপানীসহ সকলো ধৰণৰ বুনিয়াদী সা-সুবিধা প্ৰদান কৰা হ’ব আৰু অকল দিব্যাংগ বিষয়াই একাংশ ভোটগ্রহণ কেন্দ্ৰৰ পৰিচালনা কৰিব। আনহাতে আমাৰ সংবাদদাতাই জনাইছে যে, ৰাজ্যখনত বৰ্তমানলৈকে ১২৭ কোটি টকাৰ সুৰা আৰু অন্যান্য সামগ্রী জব্দ কৰা হৈছে।
Assamese | April 10, 2024 5:27 PM | Assam Women oath
আসন্ন লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিতকৰণৰ উদ্দেশ্যে অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাৰ শপত গ্ৰহণ