মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ’ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ’বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ’ব। উদ্বোধনী অনুষ্ঠানত য়’ য়’ হানি ছিং, জেকলিন ফার্নানডেজ আৰু হৰনাজ সন্ধুকে ধৰি কেইবাগৰাকীও তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ সংস্কৰণৰ খেলসমূহ নৱী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল ষ্টেডিয়াম আৰু বডোডৰাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। নবী মুম্বাইৰ খেলসমূহ সমাপ্ত হোৱাৰ পাছত বাকী ১১ খন খেল বডোডৰাত খেলোৱা হ’ব।
Assamese | January 9, 2026 12:24 PM | woman cricket
আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ