মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ’ব। প্রতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ’ব। প্ৰতিযোগিতাৰ উদ্বোধনী মেচত কাইলৈ গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে জয়েৰে অভিযান আৰম্ভ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। প্রতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ মাজত ২৬ জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ’ব। ২৮ জুলাইত ফাইনেল খেলোৱা হ’ব। ভাৰতে ২০১৮ চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে। ভাৰত ২০১৮ চনৰ ফাইনেলত বাংলাদেশৰ হাতত পৰাজিত হৈছিল।
Assamese | July 18, 2024 12:54 PM | woman asia cup srilanka
শ্ৰীলংকাৰ ডাম্বুলাত কাইলৈৰ পৰা মহিলা এছিয়া কাপ টি-২০ ক্ৰিকেট প্ৰতিোগিতা