মাজুলী আৰক্ষী আৰু আবকাৰি বিভাগৰ ১,৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস

মাজুলী আৰক্ষী আৰু আবকাৰি বিভাগে আজি এহেজাৰ ৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰীঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধ্বংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য ১৪ লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। দীৰ্ঘদিন ধৰি জিলাখনত একাংশ অসাধু ব্যৱসায়ীয়ে সুৰাৰ বেহা চলাই আহিছিল। আৰক্ষীয়ে এই সংক্ৰান্তত ১৯জন ব্যৱসায়ীক আটক কৰাৰ লগতে ১৬টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত সবিশেষ প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।