চৰকাৰে কৈছে যে, দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত আছে। চৰকাৰে ঘেঁহুৰ মূল্যৰ ওপৰত নজৰ ৰাখি আছে আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে মূল্য সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে উপযুক্ত নীতিগত হস্তক্ষেপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰ্যালোচনাৰ বাবে আজি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত মন্ত্ৰীসকলৰ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, ২০২৪ ৰবি শস্য বিপনন বৰ্ষত ১৮ জুন পর্যন্ত ২৬৬ লাখ মেট্রকটন ঘেঁহু ক্ৰয় কৰা হৈছে । উল্লেখযোগ্য যে, যোৱা বছৰ ২৬২ লাখ মেট্রকটন ঘেঁহু ক্ৰয় কৰা হৈছিল।
Assamese | June 20, 2024 8:29 PM | Wheat Availability
দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত আছে বুলি চৰকাৰৰ প্ৰকাশ