স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ৩০ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। শেহতীয়া ২৪ ঘণ্টাত গুৱাহাটীৰ বায়ু সূচকাংক মান সন্তোষজনক আছিল।
Assamese | March 17, 2025 12:37 PM | weather guwahati
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা