August 14, 2025 6:58 PM | Weather

printer

কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ইয়েল’ এলার্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ কামৰূপ, নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাত ধাৰাসাৰ বৰষুণ হ‘ব পাৰে বুলি আশংকা কৰি জিলাকেইখনৰ বাবে ইয়েল‘ এলার্ট জাৰি কৰিছে। এই সময়ছোৱাত জিলাকেইখনৰ ঠাইবিশেষে ধাৰাসাৰ বৰষুণ হ‘ব পাৰে আৰু বিজুলী ঢেৰেকনিৰে প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি বকৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।