তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ ৩২টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ ১০০ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা ছগৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় শাস্ত্রীয় নৃত্য-গীতৰ পৰা আৰম্ভ কৰি সমসাময়িক ধাৰাক সামৰি ৱেভছ সন্মিলনৰ বিষয়বস্তুৰ সৈতে সংগতি থকা গীত-নৃত্য তথা প্রতিযোগীসকলৰ মৌলিকতাৰ মূল্যাংকন কৰি বিচাৰকসকলে বিজয়সকলক নির্বাচিত কৰে। দেশৰ বৰ্ণাঢ্য সংগীত প্রতিভাসমূহ প্রদর্শন কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিশ্ব অডিঅ’ আৰু ভিডিঅ’ মনোৰঞ্জন সন্মিলন, ভেছ অহা ১ৰ পৰা ৪ মে’লৈ প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হ’ব।
Assamese | April 12, 2025 1:14 PM | WAVES
ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা