প্রাক্তন খেলুৱৈ ভি ভি এছ লক্ষ্মন ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দলৰ সৈতে সমাগত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যাব। দলৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৮ৰ পৰা ১৫ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখন টি-২০ খেলত অংশ ল’ব। অৱশ্যে এই শৃংখলাটোত মায়ংক যাদব, শিৱম ডুবে আৰু ৰিয়ান পৰাগক আঘাতৰ বাবে দলৰ বাহিৰত ৰখা হৈছে।
Assamese | October 29, 2024 12:15 PM | VVS Laxman to be Head Coach of senior men’s cricket team
ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ভি ভি এছ লক্ষ্মন দলৰ সৈতে দক্ষিণ আফ্রিকালৈ যাব