ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাই ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় দলৰ মুখ্য চিকিৎসা বিষয়া ডাঃ ডিনশ্ব’ পাৰ্ডিৱালাক জগৰীয়া কৰা উচিত নহয় বুলি কয়। ভাৰতীয় অলিম্পিক সংস্থাই কালি এটা বিবৃতিযোগে কয় যে মল্লযুদ্ধ, বক্সিং আৰু জুডোৰ নিচিনা সমৰ ক্ৰীড়াত ওজন ব্যৱস্থাপনাৰ দায়িত্ব প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁলোকৰ ব্যক্তিগত প্রশিক্ষক দলৰ ওপৰত থাকে। সংস্থাই স্পষ্ট কৰি দিয়ে যে ডাঃ পাৰ্ডিৱালাৰ প্ৰাথমিক ভূমিকা আছিল খেলুৱৈসকলৰ প্ৰতিযোগিতাৰ সময়ত আৰু পাছত তেওঁলোকৰ আৰোগ্য লাভ আৰু আঘাত ব্যৱস্থাপনাত সহায় কৰা। উল্লেখযোগ্য যে ৱিনেশ ফোগটক মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাত নির্দিষ্ট ওজন ১০০ গ্রাম অতিক্ৰম কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। পাছত তেওঁ এই সিদ্ধান্তৰ বিৰুদ্ধে Court of Arbitration for Sport-ত আবেদন জনায় আৰু ৫০ কিলোগ্রাম ওজন শাখাত যৌথ ৰূপৰ পদকৰ বাবে দাবী জনায়। কাইলৈ চূড়ান্ত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।
Assamese | August 12, 2024 6:06 PM | vinesh phogat
ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ পি টি ঊষাৰ