সদ্য সমাপ্ত পেৰিছ অলিম্পিকৰ ৫০ কিলোগ্রাম শাখাৰ মহিলাৰ মল্লযুঁজৰ স্বৰ্ণপদকৰ প্ৰতিদ্বন্দ্বিতাত দুখজনকভাৱে অযোগ্য ঘোষিত হ’বলগীয়া হোৱা পাছত ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট আজি পুৱা দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃর্জাতিক বিমান বন্দৰত উপস্থিত হয়। তেওঁক ১০০ গ্রাম ওজন বেছি হোৱাৰ বাবে ফাইনেলত খেলাৰ পৰা বাৰণ কৰা হৈছিল । ইয়াৰ বিৰুদ্ধে শ্ৰীমতী ফোগটে ক্রীড়া আদালতত আবেদন জনাইছিল আৰু সেয়ে তেওঁ পেৰিছতে আছিল। কিন্তু আদালতত তেওঁৰ আবেদন নাকচ হয়। নতুন দিল্লীত উপস্থিত হোৱা ৱিনেছ ফোগটক অনুৰাগীসকল বিমান বন্দৰতে বিপুল আদৰণি জনায়। বিমান বন্দৰৰ বাহিৰত খেলুৱৈ গৰাকীৰ পৰিয়াল আৰু আত্মীয়সকলো উপস্থিত আছিল।
Assamese | August 17, 2024 6:14 PM | vinesh phogat
পেৰিছৰ পৰা উভটিল ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট, বিমান বন্দৰত অনুৰাগীৰ আদৰণি